মোৰ দুখ
প্ৰকল্প ৰঞ্জন ভাগৱতী
মেঘে ওন্দোলাই আনিলে মোৰ মাত এষাৰ বহুতে শুনিবলৈ বিচাৰে,
গাৰ জোৰেৰে চিঞৰোঁ, “বোলোঁ আছোঁ, আপোনাৰ কাষতে৷”
সৰু মাত; ধুমুহা-ঢেৰেকণিৰ কোলাহলত নুশুনে কোনেও৷
ওচৰতে আছোঁ বুলি হাত জোঁকাৰি সংকেত দিওঁ,
সাধাৰণ চেহেৰা; কোনেও লক্ষ্য নকৰে৷
ঘৰ কাঁচৰ; শিলগুটি, দলিৰ পৰা আঁতৰি থাকোঁ
নিজৰ গাৰ খহু খজুৱাই খজুৱাই তৰ্জনি বিষালি
আনলৈ কেনেকৈ টোঁৱাওঁ!
My Sadness
– Translated from Assamese by Ananda Bormudoi
When dark clouds gather around
They long to hear my voice of assurance
I shout at the top of my voice,
“l am with you, beside you”.
But lightning and thunder
Drown my voice
I wave my hand to mark my presence
But nobody recognises me
As my look has nothing remarkable.
I live in a glass house taking care
Not to throw stones at others.
My forefinger has become forever sore
scratching scabies.
How can l ever point it at others?